Sunday, April 19, 2026
0 Shares

এক সন্যাসীৰ কথা

এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক৷ এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ ভাবি সেৱা-শুশ্ৰুষা কৰি যত্ন কৰি ৰাখিলে৷ সন্ন্যাসীও তেওঁৰ ধৰ্ম্মভাব আৰু সাধু আচৰণেৰে গৃহস্থ আৰু দুইজনা ঘৰৰ-ঘৈণীৰ মনত সোমাল৷ দুইজনা ঘৈণীয়েই সন্ন্যাসীৰ খোৱা-বোৱাৰ সকলোবোৰ কাৰ্য্য নিতৌ নিজহাতে এহাশুধীয়াকৈ কৰিবলৈ ধৰিলে৷ সন্ন্যাসীয়েও সেই ঘৰত ইমান আদৰ যত্ন পাই তাতে কিছুদিন থাকিবলৈ ঠিক কৰিলে৷

কোনো কাৰ্য্যৰ নিমিত্তে গৃহস্থ এমাহমানলৈ বিদেশলৈ যাবলগীয়া হ’লত সন্ন্যাসীকে তেওঁ সেই ঘৰৰ এক প্ৰকাৰ গৰাকী পাতি, দুইজনী ঘৈণীয়েকক কৈ গ’ল, যেন সিহঁতে সন্ন্যাসীক ভালকৈ যতন কৰি ৰাখে, যাতে সন্ন্যাসীয়ে কোনো বিষয়ত কষ্ট নাপায়, আৰু যেন সিহঁতে সন্ন্যাসীৰ বচন কেতিয়াও নেপেলায়৷

গৃহস্থৰ সৰুজনী ঘৈণীয়েকৰ বয়স কম আছিল, আৰু দেখিবলৈকো তাই বৰ শুৱনী আছিল৷ সেইদেখি গুৰিৰেপৰা সন্ন্যাসীৰ চকু তাইৰ ওপৰত পৰিছিল৷ এতিয়া গিৰিয়েক ঘৰত নথকাত সন্ন্যাসীয়ে সুবিধা পালে৷ এদিন অকলশৰীয়াকৈ তাইক সন্ন্যাসীয়ে পাই, তাৰ লগত লৈ গুচি যাবলৈ প্ৰস্তাৱ কৰিলে৷ তাই সেই কথা শুনি অবাক হৈ সন্ন্যাসীৰ আগত আঁঠু লৈ ক’লে, “প্ৰভু আপুনি আমাৰ গুৰু; এতেকে এনে কথা কিয় কয়? আপুনি ধৰ্মিষ্ঠ সাধু পুৰুষ, আপোনাৰ মুখত এনেকুৱা কথা শুৱায় নে?”

এই কথা শুনি সন্ন্যাসীয়ে ধৰা পৰিবৰ ভয়ত থিতাতে সুৰ সলাই পেলাই ক’লে, “মই তোমাক পৰীক্ষা হে কৰিছিলোঁ; তুমি কেতিয়াও তেনে নাভাবিবা৷”

পিছদিনা সন্ন্যাসীয়ে আন এটা বুধি উলিয়াই সৰু গৃহস্থনীক ক’লে, “গোসাঁনী পূজালৈ মোক মৰিশালিৰ মাটি অলপ লগা হৈছে৷ সেই মাটি ভকতীয়া তিৰুতাই মাজ নিশা কানি-কাপোৰ থৈ মৰিশালিলৈ গৈ আনিব লাগে, আনে আনিলে নচলে, এতেকে এই কাম তুমি নকৰিলে আৰু আনে কৰোঁতা নাই৷” সন্ন্যাসীৰ কথা শুনি তাইৰ যদিও ভয় লাগিছিল আৰু খং উঠিছিল, তথাপি গিৰিয়েকে সন্ন্যাসীৰ হুকুম মানিবলৈ পৈ-পৈকৈ কৈ যোৱা কথা তাই মনত পেলাই সেইদৰে মৰিশালিৰপৰা মাটি আনিবলৈ গাত লৈ আনি দিলে৷ দিনৌ এইদৰে সন্ন্যাসীৰ কথামতে তাই মৰিশালিৰ মাটি আনি দি আছিল৷ এনেতে গিৰিয়েক উভতি আহিল৷

গধূলি গিৰিয়েকৰ সৈতে সন্ন্যাসীয়ে কথা-বাৰ্ত্তা পাতোঁতে, সন্ন্যাসীয়ে বিশ্বাসে গিৰিয়েকক ক’লে যে তেওঁৰ সৰুজনী ঘৈণীয়েক প্ৰেতিনী৷ সদায় তাই ৰাতি দুপৰত মৰিশালিলৈ গৈ কাপোৰ-কানি সোলোকাই থৈ নাচি-বাগি তাত মাটি খানি থাকে৷ সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে অতি আচৰিত মানি সুধিলে, “আপুনি এই কথা সঁচাকৈয়ে কৈছে নে?” সন্ন্যাসীয়ে উত্তৰ দিলে, “বাৰু এতিয়া আপুনি মনে মনে থাকক, আজি ৰাতি দুপৰত মই আপোনাক দেখুৱাই দিম, আপুনি নিজ চকুৰেই দেখিব৷”

ৰাতি দুপৰৰ আগেয়েই সন্ন্যাসীয়ে গৃহস্থক লগত লৈ মৰিশালিৰ এচুকত মনে মনে লুকাই আছিল৷ এনেতে সৰু ঘৈণীয়েকে আগৰ দৰে তাৰপৰা মাটি খানি লৈ আহিলগৈ; আৰু সেই কাম গিৰিয়েকে নিজ চকুৰেই দেখিলে৷ গিৰিয়েকে সন্ন্যাসীক ক’লে, “মই তো এই আচৰিত কাণ্ড দেখিলোঁ; এতিয়া তাইক কাটি পেলাম নে কি কৰিম?” সন্ন্যাসীয়ে উত্তৰ দিলে, “এইক কাটি মাৰি পেলোৱাতকৈ এখন নাৱত তুলি এইৰ হাত-ভৰি বান্ধি উটাই দিয়াঁ, তাতে তাই লেকাট ভুঞ্জি মৰক৷ তুমি কাটিলে ৰজাৰ ঘৰৰপৰা জগৰ লাগিব, আৰু সকলোৱে তোমাক দুষিব৷”

সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে তাকে কৰিবলৈ থিৰ কৰি বৰ ঘৈণীয়েকক সেই কথা ক’লে৷ সতিনীৰ সতিনী-কথা; বৰ ঘৈণীয়েকে “এতিয়াই, এতিয়াই এই অমঙ্গলটো ঘৰৰপৰা দূৰ কৰক, আৰু মুখলৈ চাব নেলাগে,” বুলি গিৰিয়েকক উচটাই দিলে৷

গিৰিয়েকে সন্ন্যাসীৰ কথামতেই সৰুজনী ঘৈণীয়েকক নাও এখনত তুলি, তাইৰ হাত-ভৰি বান্ধি, চৈৰে ঢাকি নৈত উটাই দিলে৷ তাই কত কান্দিলে, কত কাকূতি-মিনতি কৰিলে, কিন্তু সেইবোৰলৈ সি কাণ নকৰি-“তই পিশাচনী, তোৰ স্বভাৱ মই আজি নিজ চকুৰেই দেখিলোঁ, তোক আৰু মই কি সুধিম৷” এই বুলি ক’লে৷ পিছদিনা সন্ন্যাসীয়ে তীৰ্থ কৰিবলৈ যাওঁ বুলি গৃহস্থৰপৰা বিদায় লৈ গুচি গ’ল৷ সন্ন্যাসীয়ে বাট পোনাই গৈ নদীৰ ভাটী ফালে দুদিনমানৰ বাটত তাৰ মঠত বাট চাই আছে যেন সেই নাও আহিলেই সি ধৰি তাইক লৈ যাব পাৰে৷

ঈশ্বৰ ইচ্ছাত নাওখন উটি গৈ এক ৰজাৰ ঘাট ওচৰ পালেগৈ৷দৈবাৎ সেই দিনা সেই সময়ত ৰজাইও মৃগয়াৰপৰা উভতি আহি সেই ঘাট পাইছিলহি৷ সেই দিনা চিকাৰত ৰজাই পহু নাপাই এটা বুঢ়া ভালুক পাই ধৰি আনিছিল৷ ৰজাই নাওখন উটি অহা দেখি তাত কি আছে চাবলৈ বুলি ধৰাই আনি তাৰ চৈ গুচাই দেখিলে যে তাত দীপলিপ্ তিৰুতা এজনী আছে৷ তিৰুতাজনীৰ বান্ধ-চাট মেলি দি তাইক সুধিলত, তাই সকলো বৃত্তান্ত ভাঙি ৰজাক ক’লে৷ তেতিয়া ৰজাই সন্ন্যাসীৰ ফাঁকি বুজিব পাৰি তাইক নাৱৰপৰা তুলি আনি, নাৱত সেই ভালুকটো সুমাই দি আগৰ দৰে চৈৰে ঢাকি নাওখন উটাই দিলে;আৰু তাইক নিজৰ ঘৰলৈ লৈ গৈ বিয়া কৰাই মৰমৰ কুঁৱৰী কৰি ৰাখিলে৷

ইফালে নাওখন উটি গৈ সন্ন্যাসীৰ মঠৰ ঘাটৰ ওচৰ পালতে সন্ন্যাসীয়ে আনন্দত উত্ৰাৱল হৈ নাওখন ধৰি আনি হেঁপাহৰ বস্তুটি পালোঁ বুলি চৈ দাঙিলতে তাৰ তলৰপৰা ভালুকটো ওলাই তাক খাই পেলালে৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment