Sunday, April 19, 2026
0 Shares

ঈছপৰ পৰিচয়

ঈছপৰ পৰিচয়

কথিত আছে যীশু খ্রীষ্টৰ জন্মৰ প্রায় দুশবছৰ আগতে গ্রীক দেশত ঈছপ নামৰ এজন মানুহৰ জন্ম হৈছিল। তেওঁ আছিল এজন সাধাৰণ ক্রীতদাস। ক্রীতদাস মানে গােলাম। তেতিয়াৰ দিনত ইউৰােপৰ বহু ঠাইত এই ক্রীতদাস ৰখাৰ প্ৰথাটো প্রচলিত আছিল। মানুহে মানুহক বেচিছিল। মানুহ কিনা-বেচা কৰা এখন বজাৰ আছিল। দেশৰ চহকী মানুহবােৰে ঘৰত চাকৰ ৰাখিবলৈ বজাৰৰ পৰা দাম দি মানুহ কিনি নিছিল। সেইধৰণৰ এজন লােক আছিল ঈছপ। মূল্য দি কিনি নিয়া দাস বা চাকৰবােৰ মালিকৰ ঘৰত চিৰদিনৰ বাবে তেওঁৰ সম্পত্তি হৈ পৰিছিল। ক্রীতদাসজনক মালিকে যি কোনাে কামত ব্যৱহাৰ কৰিব পাৰিছিল আৰু সিহঁতক শাৰীৰিক-মানসিক যন্ত্রণাও দিছিল। অৱশ্যে তাৰে মাজত কিছুমান মালিক বা গৰাকী ভালাে আছিল। সৌভাগ্যক্রমে ইছপৰ গৰকীজন ভাল আছিল। ফলত তেওঁ মালিকৰ অনুগ্রহত লিখা-পঢ়া শিকি সময়ত মুক্তিও লভিব পাৰিছিল।

এইজন ঈছপে সময়ত ভালেমান সাধু কথা ৰচনা কৰিছিল। এই সাধুকথাবােৰ আছিল নীতি কথাৰ ভাণ্ডাৰ। এতিয়া এই সাধুবােৰ বিশ্ব সাহিত্যৰ অমূল্য সম্পদ।

অৱশ্যে পণ্ডিতসকলৰ মাজত ঈছপৰ স্থিতি সম্পর্কে কিছু সন্দেহ নথকাও নহয়। বহুতে ক'ব খােজে যে ঈছপৰ সাধুবােৰৰ ক্ষেত্রস্থল ভাৰতবর্ষ। কিছুমান পণ্ডিতৰ মতে ঈছপ চুটি-চাপৰ, কুৎসিত আৰু শাৰীৰিক বাধাগ্রস্ত লােক। তথাপি ক'ব লাগিব যে তেওঁ যিয়ে নহওক তেওঁৰ সাধুবােৰ কিন্তু জনমানসত এখন স্থায়ী আসন ল’বলৈ সক্ষম হৈছে।

ঈছপৰ সাধুবােৰ ৰসাল আৰু নীতিশিক্ষা দায়ক। সাধুবােৰত বিভিন্ন জীৱ-জন্তু যেনে –বান্দৰ, শিয়াল, সিংহ, ছাগলী,চৰাই, হৰিণ, কুকুৰনেচীয়া বাঘ আদিৰ কথা আছে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment