Sunday, April 19, 2026
0 Shares

অৰিয়া-অৰি

অৰিয়া-অৰি স্বভাৱৰ ধৰ্ম্ম, ই পশু স্বভাৱতে আছে। এটা ঘোঁৰা অকলশৰে চেঁকুৰালে ঘোঁৰাৰ মনত উলাহ নাই, চেঁকুৰতো তেজ নাই; কিন্তু দুটা একেলগে এৰি দিলে চেঁকুৰ টান হয়। জীৱ যাওক সিও ভাল, তেওঁ সিটোতকৈ মই আগ বাঢ়িব লাগে, এই ভাবত সিহঁত বলিয়া হয়, আৰু মৰোঁ-জীওঁ-সো-আধিকৈ লৰে। চাপৰিত চৰি থকা গৰু কাষৰেৰে ৰেল-গাড়ী লৰি যোৱা দেখি তাৰ লগত লৰি লৰি প্ৰাণ দিয়া দেখা গৈছে। গৰুজনীৰ এই আচৰণত আৰিৰ ভাব নাই নে? কোনোৱে কয় যে, এনে আচৰণ ভয়ৰ পৰা হব পাৰে। হয়, ভয়ৰপৰা হব পাৰে, কিন্তু গাড়ীৰ ভয়ত যে নহয়, এই কথা ধুৰুপ। কিয়নো, গৰুজনীয়ে গাড়ীৰ লগতহে দৌৰে, গাড়ীৰপৰা দৌৰি পলাবলৈ নিবিচাৰে। গাড়ীৰ পাচত কিবা এটা ভয়ৰ কাৰণ আছে, সেই দেখি গাড়ী পলাইছে, ময়ো পলাব লাগে, এনেকুৱা ভাবৰপৰা তাই দৌৰিব পাৰে। কিন্তু দৌৰত গাড়ীতকৈ আগ বাঢ়িব লাগে, এই ভাব মনত থাকে। পশু জীৱনত অৰিয়া-অৰিৰ গুণ কি তাক ঠাৱৰাবলৈ টান, কিন্তু মানৱ-জীৱনত গুণ আছে। অৰিয়া-অৰি উদগনিৰ এছাৰি। আওকণীয়া লৰাক কথাত কাণ দিয়াবলৈ এছাৰিৰ নিচিনা দৰব নাই। সেইদৰে জঁইপৰা উৎসাহক জীৱ দিবলৈ অৰিয়া-অৰিৰ নিচিনা দৰব নাই। তাতকৈ উধাব লাগে, এই ভাবে পুৰুষাৰ্থৰ তেজ বঢ়ায়। ঠেক মনত অৰিয়া-অৰিয়ে অগুণ কৰে। সি নিজে উধাব নােৱাৰি আনৰ বাটত পাঁজি পাতে। ই বিপৰ্য্যয় বুদ্ধি। ই ঠেক মনতহে ঠাই পায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories