Sunday, April 19, 2026
0 Shares

অহংকাৰী কাছ

অহংকাৰী কাছ

এখন বিশাল আকাৰৰ বিলত এটা প্রকাণ্ড কাছে অতি সুখ শান্তিৰে বাস কৰিছিল। উক্ত বিলত প্ৰায়ে এটা ঈগল পানী খােৱাৰ চলেৰে আহিছিল। এনেকৈ আহোঁতে আহোঁতে ঈগল আৰু কাছৰ মাজত বন্ধুত্ব স্থাপন হ’ল আৰু দুয়ােজনৰ মাজত এৰা-এৰি নােহােৱা হ’ল। ঈগল বন্ধুই প্রায়ে কাছক দেশবিদেশৰ কথা কয়। কাৰণ সি উৰিব পৰা প্রাণী আৰু সি বিভিন্ন ঠাইত উৰি ফুৰে। ঈগলৰ কথাবােৰ কাছই মন দি শুনে। কেতিয়াবা তাৰাে মন যায় দেশবিদেশত উৰি ফুৰিবলৈ কিন্তু তাক কোনে নিব? সি এদিন সুযােগ বুজি ঈগলক কথাটো ক'লে। ঈগলে কাছক ক'লে, “বন্ধু, তুমি হ’লা এটা জলচৰ জীৱ। তােমাক ভগৱানে জল আৰু স্থলত থাকিব পৰাকৈ সৃষ্টিকৰিছে। যিটো মােৰ নাই। আনহাতে মই হ'লোঁ উৰিব পৰা পক্ষী। মােৰ উৰিব পৰাকৈ ডেউকা আছে, যিটো তােমাৰ বাবে মুঠেই সম্ভৱ নহয়। কিন্তু কাছই ঈগলৰ যুক্তি মানিব নিবিচাৰে। সি যিকোনাে উপায়ে উৰিবই৷ অৱশেষত বাধ্য হৈ ঈগলে কাছক সাজু থাকিবলৈ ক'লে। এদিন ঈগলে ৰাতিপুৱাৰ সময়ত কাছক তাৰ বিশাল নখযুক্ত ঠেং দুখনেৰে খামুচি ধৰি আকাশৰ ওপৰলৈ উৰুৱাই লৈ গ'ল। আকাশৰ ওপৰত উৰিবলৈ পাই কাছৰ অহংকাৰ দুগুণ হ’ল। সি মাজ আকাশত উৰিব বিচাৰিলে। কাছৰ কথামতে ঈগলে তাক মাজ আকাশত এৰি দিলে। কাছই ক’ত উৰিব পাৰিব? সি তলত সৰি পৰিল আৰু শিলত থেকেচা খাই মৰি থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment