Sunday, April 19, 2026
0 Shares

অভ্যাস

'সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস।' সুৱগাৰ গুণত টান সোণ উতলে, অভ্যাসৰ গুণত টান কাম সিজে। হাতীৰ মূৰত খৰ মৰা আৰু ডোলৰ ওপৰত নাচন মৰা অভ্যাসত উজু হয়। 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।' এই এটা নীতিবচন সকলো মানুহৰ ভিতৰত চলিত আছে। এনে বচন মানুহৰ বহুত কালৰ সঞ্চিত জ্ঞানৰ পৰাহে ওলাইছে। বিদ্যা বুদ্ধিৰ বলত কামৰ প্ৰণালী সোনকালে শিকিব পাৰি, কিন্তু অভ্যাস নকৰিলে তাত পাৰ্গতালি নজন্মে। বিনা অভ্যাসে অকল বুদ্ধিৰ পৰা কোনো কৰ্ম্মৰ ফলোদয় নহয়। বুদ্ধি থাকিলে ৰান্ধনৰ প্ৰণালী একে তিলে শিকিব পাৰি, কিন্তু পাকৈত ৰান্ধনি হ'বলৈ অভ্যাসৰ আলম লাগে। চাঁচ বটালি চলাবৰ নিয়ম বৰ উজু, একে নিমিষতে তাক বুজি ল'ব পাৰি কিন্তু পৈণত বাঢ়ৈ, বহুত দিন অভ্যাস কৰিলেহে হয়। বাৰেমতৰাৰ আওভাও বুজিলেই পাঠৰ ক্ষমতা জন্মে, কিন্তু অভ্যাস নকৰিলে কোনোৱে ভাল পাঠক হ'ব নোৱাৰে। চানেকি বুজিলেই ফুলতী হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ'ব পাৰে। ফলকথা চুটিকৈ ক'ব লাগিলে, বুদ্ধিয়ে বাট মোকলাই দিয়ে, অভ্যাসে তাক ফট্‌ফটীয়া কৰে। বুদ্ধিত চকু ফুকায়, অভ্যাসত হাত গজে।

সদায় কৰি থাকিলে কামত অভ্যাস জন্মে, অৰ্থাৎ সেই কামটো অপ্ৰয়াসে কৰিবৰ ক্ষমতা হয়। অভ্যাস জন্মিলে কামত বৰ পুৰুষাৰ্থ নালাগে। অভ্যাস স্বভাৱৰ গুপ্ত নাম, নিতৌ কৰা কাম স্বভাৱত পৰে। ল'ৰাই খোজ লওঁতে বল দিহে ভৰি চলায়, কিন্তু ডাঙৰ হ'লে আপোনা আপুনি খোজৰ পাছত খোজ উঠে, খোজ কাঢ়োঁতাই তাৰ গমেই নাপায়। ছাপা যন্ত্ৰত আখৰ-পাতিবলৈ শিকোঁতে প্ৰত্যেক আখৰক বিচাৰি বিচাৰি আনিব লাগে। কিন্তু অভ্যাস জন্মিলে আখৰটোৰ নাম কোৱা মাত্ৰেই তাত হাত পৰে। বাঁহী বজাবলৈ শিকোতেও কোনটো ফুটাত কেনেকুৱা মাত ওলায় তাক চাই চাই আঙুলি চলাব লাগে, কিন্তু অভ্যাস হৈ পৰিলে সুৰ অনুসৰি আঙুলি আপোনা-আপুনি চলে। এইদৰে আদিতে টান লগা কাম অভ্যাসত ইমান উজু হয় যে তাক কৰোঁতে পাচত মুঠে গুণিবই নালাগে।

অভ্যাসে সময় খৰচ কমায়। প্ৰথম শিকাৰু কাম এটাত যিমান সময় লাগে অভ্যাস থকা মানুহৰ সিমান নালাগে। ন লিখাৰুৱে যিমান সময়ত এপাত লিখে, পৈণত কাকতীয়ে সিমান সময়ত চাৰি পাত লিখে। ন বাঢ়ৈয়ে এচলা তক্তা চিকোনাওঁতে যিমান সময় লাগিব সেই সময়ৰ ভিতৰত এটা সুচক বাঢ়ৈয়ে চাৰি চলা চিকোনাই দিব। অভ্যাসৰ গুণত মানুহৰ হাত খৰ হয়, আৰু কাম কৰোঁতে একো গুণা গঁথাও কৰিব নালাগে, সেই দেখি সময় বহুত ৰক্ষা পৰে।

কোনো কাম অভ্যাস কৰিব লাগিলে তাক আগে ভাগ ভাগকৈ ল'ব লাগে, তাৰ পাচত প্ৰত্যেক ভাগকে বেলেগ অভ্যাস কৰিব লাগে। চিত্ৰত পোন আৰু বেঁকা দুয়ো বিধ আঁক থাকে, সেই দেখি চিত্ৰ আঁকিবলৈ শিকাওঁতে প্ৰথমে পোন আৰু বেঁকা আঁক আঁকিবলৈ শিকায়, পাচে আঁকত অলপ পাৰ্গতালি জন্মিলে নানা ৰকম ক্ষেত্ৰ আঁকিবলৈ শিকায়। আঁক অঁকাত আৰু ক্ষেত্ৰ অঁকাত ভালকৈ অভ্যাস জন্মিলেহে পাচত চিত্ৰ আঁকিবলৈ দিয়ে। শিকাৰুৱে এই নিয়মত নচলিলে আগলৈ সি ভাল খনিকৰ হ'ব নোৱাৰে। যেনে তেনে ৰকমে শিকা খনিকৰৰ চিত্ৰ শুৱনি নহয়। সিহঁতে লিখা চিত্ৰৰ হাত যদি ভাল হয়, ভৰিত এটা খুঁত ওলায়, ভৰি যদি ভাল হয়, চকুত এটা খুঁত ওলায়। প্ৰতিমা সাজোঁতেও শিকাৰুৱে এই নিয়মত চলে। প্ৰথমে সিহঁতে খেৰ বান্ধিবলৈ শিকে, খেৰ বন্ধাত পাৰ্গত হ'লে মাটি লগাবলৈ শিকে। খেৰ বন্ধাত বা মাটি লগোৱাত প্ৰতিমাৰ অবয়ব ল-নি নহ'লে সি দেখিবলৈ ভাল নহয়। এইদৰে প্ৰত্যেক কামৰে অংশবিলাক বেলেগ বেলেগকৈ শিকিলে আৰু অভ্যাস কৰিলে শিকাৰুৱে শেষত কামটো নিখুঁতকৈ কৰিব পৰা হয়।

শিকিবলৈ আৰম্ভ কৰোঁতেই কাম অভ্যাস কৰা যুগুত নাইবা তাৰ আচল নিয়মটো পাহৰি শিকাৰুৱে নিজৰ মনে গঢ়া অশুদ্ধ নিয়ম মতে কাম কৰিবলৈ বাধ্য হয়। আখৰ লিখিবলৈ শিকোঁতে কোনটো আখৰ কোন ফালৰ পৰা জুৰিব লাগে তাক শিকিবৰ সময়তে সহজ কৰি হাত বহাই লোৱা ভাল। সুৱলা নিয়মত লিখিব নাজানিলে কেৱল যে আখৰ বেয়া হয় এনে নহয়, লিখাৰুৰ হাতো আগলৈ লেহেম হয়। প আখৰ লিখোঁতে কোনোৱে আগে নব নিচিনা এটা চিন কৰি লয়, পাচত পৰ মুখ লগাই দিয়ে, আকৌ খ লিখোঁতেও কোনোৱে আগে থৰ নিচিনা এটা চিন কৰে, পাচত খৰ ঠোঁট লগাই দিয়ে। এনেকুৱা ওভতা প্ৰণালীত কৰিলে কামত গহৰি নহৈ থাকিব নোৱাৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories